নাগৰিকত্ব নিৰ্ধাৰণ কৰাৰ প্ৰক্ৰিয়া আৰু এজন ব্যক্তিক বিদেশী ঘোষণা কৰাৰ প্ৰক্ৰিয়াটো স্বচ্ছ হ’ব লাগিব বুলি উচ্চতম ন্যায়ালয়ৰ ৰায়

নাগৰিকত্ব নিৰ্ধাৰণ কৰাৰ প্ৰক্ৰিয়া আৰু এজন ব্যক্তিক বিদেশী ঘোষণা কৰাৰ প্ৰক্ৰিয়াটো স্বচ্ছ হ’ব লাগিব বুলি আজি উচ্চতম ন্যায়ালয়ে এটা ৰায় দিয়ে। অসমত বিদেশী ন্যায়াধীকৰণৰ দ্বাৰাৰ বিদেশী ঘোষিত ২৭ জন ব্যক্তিৰ এখন আবেদনৰ শুনানি লৈ উচ্চতম ন্যায়ালয়ে এই নির্দেশ দিছে।

ন্যায়াধীশ বিক্ৰম নাথ আৰু ন্যায়াধীশ সঞ্জীৱ মেহতাৰ এখন বিচাৰপীঠে ২৭ জন ব্যক্তিক বিদেশী ঘোষিত কৰা গুৱাহাটী উচ্চ ন্যায়ালয় আৰু বিদেশী ন্যায়াধীকৰণৰ নিৰ্দেশসমূহ খাজি কৰে। উচ্চতম ন্যায়ালয়ে প্ৰকাশ কৰে যে নাগৰিকত্ব নিৰ্ধাৰণ কৰাৰ প্ৰক্ৰিয়া আৰু এজন ব্যক্তিক বিদেশী ঘোষণা কৰাৰ প্ৰক্ৰিয়া স্বচ্ছ হ’ব লাগিব আৰু ন্যায়িক আদর্শ কোনোপধ্যে আপোচ কৰিব নোৱাৰে।

বিচাৰপীঠখনে আবেদনকাৰীৰ বিৰুদ্ধে ন্যায়াধীকৰণে গোচৰসমূহৰ পুনৰ শুনানি অনুষ্ঠিত নকৰা পৰ্যন্ত কোনো ধৰণৰ হেচা প্ৰয়োগ কৰিব নোৱাৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।