শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাংস্কৃতিক শাখা সমিতিৰ উদ্যোগত আৰু নলবাৰী জিলা শাখাৰ সহযোগত আজিৰে পৰা ২৫ সংখ্যক কেন্দ্রীয় অংকীয়া নাট সমাৰোহ অনুষ্ঠিত হ’ব। নলবাৰী নগৰৰ সমীপৰ মাজদিয়াত অৱস্থিত জিলা শাখাৰ নামঘৰত ইতিমধ্যে এই নাট সমাৰোহৰ প্রস্তুতি সম্পূর্ণ হৈ উঠিছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্র নাথ ডেকাই এই নাট সমাৰোহৰ পতাকা উত্তোলন কার্যসূচীত অংশ ল’ব। সন্ধিয়া পাঁচ বজাত এই নাট সমাৰোহৰ কাৰ্যসূচী শংকৰ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই উদ্বোধন কৰিব।
Assamese | October 25, 2025 12:03 PM | Naat Samaroh
নলবাৰীত আজিৰে পৰা ২৫ সংখ্যক কেন্দ্রীয় অংকীয়া নাট সমাৰোহ