সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি নতুন দিল্লীত কেন্দ্ৰীয় বিদ্যালয়ৰ ৩৪ সংখ্যক ৰাষ্ট্ৰীয় যুৱ সংসদ প্রতিযোগিতাৰ বঁটাসমূহ প্ৰদান কৰিব। সংসদীয় পৰিক্ৰমা মন্ত্ৰ্যালয়ে এটা বিবৃতি যোগে কৈছে, যে কেন্দ্রীয় বিদ্যালয় সংগঠনৰ ২৫টা অঞ্চলৰ প্ৰায় ১৫০ খন কেন্দ্ৰীয় বিদ্যালয়ে এই প্রতিযোগিতাত ভাগ লয়। বিবৃতিটোত লগতে যুৱ প্ৰজন্মৰ মাজত আত্ম নিয়মানুৱৰ্তিতা, ভিন্ন মতৰ প্ৰতি সহিষ্ণুতা আৰু গণতান্ত্ৰিক জীৱন শৈলীৰ অন্য গুণ বিকশাই তোলাই যুৱ সংসদ আঁচনিৰ মূল উদ্দেশ্য বুলি উল্লেখ কৰা হৈছে।
Assamese | January 10, 2025 1:20 PM | Kendriya Vidyalaya
নতুন দিল্লীত কেন্দ্ৰীয় বিদ্যালয়ৰ ৩৪ সংখ্যক ৰাষ্ট্ৰীয় যুৱ সংসদ প্রতিযোগিতা