October 4, 2026 8:18 PM | S.Joysanak

printer

নতুন দিল্লীত আজি ৬২ সংখ্যক মিউনিখ নিৰাপত্তা সন্মিলনত ড০ এছ জয়শংকৰৰ অংশগ্ৰহণ

সম্ভাৱনাপূৰ্ণ আৰু মধ্যম শক্তিৰ বাবে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা, যোগান শৃংখলাৰ স্থিতিস্থাপকতা আৰু সংযোগ অতি গুৰুত্বপূৰ্ণ কাৰ্যক্ৰমণিকা। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জযশংকৰে আজি নতুন দিল্লীত ৬২ সংখ্যক মিউনিখ নিৰাপত্তা সন্মিলনত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য কৰে। তেওঁ কয় যে বিশ্বৰ গ্লোবেল ছাউথ আৰু নৰ্থৰ সম্ভাৱনাপূৰ্ণ আৰু মধ্যম শক্তিৰ দেশসমূহে বিশ্বৰ আগশাৰীৰ দেশত পৰিণত হোৱাৰ উমৈহতীয়া লক্ষ্যৰ জৰিয়তে একত্ৰিত হৈছে। বৰ্তমান বিশ্ব সলনি হোৱাৰ লগে লগে ইয়াৰ কাৰ্যক্ৰমণিকা আৰু পৰিবেশো সলনি হৈছে গতিকে সম্ভাৱনাপূৰ্ণ আৰু মধ্যম শক্তিৰ দেশসমূহে সহযোগিতা কৰাৰ বাবে বহু কার্যক্রমণিকা আছে বুলি তেওঁ উল্লেখ কৰে। ড০ জয়শংকৰে কয় যে সম্ভাৱনাপূর্ণ আৰু মধ্যম শক্তিৰ পদ্ধতিসমূহ হৈছে বিপদমুক্ত আৰু বৈচিত্র্যপূর্ণ। লগতে এই পদ্ধতিসমূহে কার্যক্রমণিকা-ভিত্তিক সহযোগিতা অনুসৰণ কৰে। এই দেশসমূহৰ আন্তঃৰাজ্যিক সহযোগিতা শক্তিশালী কৰাৰ প্ৰতিও আগ্রহ আছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷