প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণৰ আস্থা আৰু লাখ লাখ দলীয় কৰ্মীৰ সমৰ্পণ তেওঁৰ শক্তিৰ উৎস বুলি প্ৰকাশ কৰে। নতুন দিল্লীত আজি বিকশিত ভাৰত সংকল্প সভাত ভাষণ দি শ্রী মোদীয়ে কয়, যে তেওঁ আজি পুৱা শ্ৰী বিনায়ক মন্দিৰ দৰ্শন কৰি দেশ তথা ১৪০ কোটি নাগৰিকৰ বাবে প্ৰাৰ্থনা কৰে। তেওঁ লগতে অতি নিষ্ঠাৰে নিৰন্তৰ জনসাধাৰণৰ বাবে সেৱা কৰি যাব পৰাকৈ ভগৱানক বল আৰু শক্তি প্ৰদান কৰিবলৈ প্ৰাৰ্থনা জনায়। প্রধানমন্ত্রীয়ে কয়, যে বিগত ২৫ বছৰত লাভ কৰা জনসাধাৰণৰ আস্থা আৰু এই সময়ছোৱাত লাভ কৰা অভিজ্ঞতা হৈছে এটা বৃহৎ সম্পত্তি।
অনুষ্ঠানত ভাষণ দি বিজেপিৰ ৰাষ্ট্রীয় সভাপতি নীতিন নবীনে কয়, যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে জনসেৱাক তেওঁৰ জীৱনৰ একমাত্ৰ লক্ষ্য কৰি লৈছে আৰু ৰাজনীতিক দেশসেৱা হিচাপে মানি আহিছে। তেওঁ প্ৰধানমন্ত্ৰীক ২৫ বছৰীয়া বিৰামহীন দেশসেৱাৰ বাবে অভিনন্দন জনায়। শ্রী নবীনে কয়, যে শ্রী মোদীয়ে দৰিদ্ৰ, যুৱ, কৃষক আৰু মহিলাক মুখ্য কৰি চৰকাৰী আঁচনিসমূহ গঠন আৰু ৰূপায়ণ কৰিছে। বিগত ২৫ বছৰত তেওঁ ১৪০ কোটি ভাৰতীয়ৰ জীৱনলৈ উন্নয়ন, বিশ্বাস আৰু আত্মসন্মান অনাৰ বাবে নিৰন্তৰ কাম কৰি আহিছে বুলি শ্রী নবীনে উল্লেখ কৰে। বিজেপিৰ সভাপতিগৰাকীয়ে লগতে কয়, যে গোলকীয় প্ৰত্যাহ্বান সত্ত্বেও প্রধানমন্ত্রী মোদীয়ে সমাজৰ দৰিদ্ৰ আৰু প্ৰান্তীয় লোকসকলৰ কল্যাণৰ বাবে কাম কৰি আহিছে। শ্রী নবীনে মহিলা সৱলীকৰণৰ ক্ষেত্ৰত চৰকাৰৰ পদক্ষেপসমূহৰ প্ৰশংসা কৰে ।
উল্লেখযোগ্য যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ৰাজনৈতিক যাত্ৰাই আজি ২৫ বছৰ সম্পূৰ্ণ কৰিলে। এই উপলক্ষে নতুন দিল্লীত অনুষ্ঠিত বিকশিত ভাৰত সংকল্প সভাত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বিজেপিৰ নেতা- কৰ্মীসকলে ভার্চুৱেল ব্যৱস্থাৰে অংশ লয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াকে ধৰি কেইবাগৰাকীও বিধায়কে গুৱাহাটীৰ পৰা ভার্চুৱেল ব্যৱস্থাৰে বিকশিত ভাৰত সংকল্প সভাত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ড° শৰ্মাই তেওঁৰ ভাষণত বিগত ২৫ বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সু-শাসনৰ বিষয়ে উল্লেখ কৰে।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰৰ মুৰববী হিচাপে ২৫ বছৰ সম্পূৰ্ণ কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্রীসভাই প্রধানমন্ত্ৰীগৰাকীক অভিনন্দন জনাই কালি প্ৰস্তাৱ গ্ৰহণ কৰে। উল্লেখযোগ্য যে শ্রীমোদীয়ে ২০০১ চনৰ ৭ অক্টোবৰত প্ৰথমবাৰৰ বাবে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল। পৰৱৰ্তী পৰ্যায়ত তেওঁ ২০১৪ চনত দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়।