October 7, 2026 12:37 PM

views 5

নতুন দিল্লীত আজি বিকশিত ভাৰত সংকল্প সভাত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণৰ আস্থা আৰু লাখ লাখ দলীয় কৰ্মীৰ সমৰ্পণ তেওঁৰ শক্তিৰ উৎস বুলি প্ৰকাশ কৰে। নতুন দিল্লীত আজি বিকশিত ভাৰত সংকল্প সভাত ভাষণ দি শ্রী মোদীয়ে কয়, যে তেওঁ আজি পুৱা শ্ৰী বিনায়ক মন্দিৰ দৰ্শন কৰি দেশ তথা ১৪০ কোটি নাগৰিকৰ বাবে প্ৰাৰ্থনা কৰে। তেওঁ লগতে অতি নিষ্ঠাৰে নিৰন্তৰ জনসাধাৰণৰ বাবে সেৱা কৰি যাব পৰাকৈ ভগৱানক বল আৰু শক্তি প্ৰদান কৰিবলৈ প্ৰাৰ্থনা জনায়। প্রধানমন্ত্রীয়ে কয়, যে বিগত ২৫ বছৰত লাভ কৰা জনসাধাৰণৰ আস্থা আৰু এই সময়ছোৱাত লাভ কৰা অভিজ্ঞতা হৈছে এটা বৃহৎ সম...