প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতি গাই পার্মোলিনে আজি নতুন দিল্লীত দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব। শীর্ষ বিষয়া আৰু ব্যৱসায় নেতাসকলৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলৰ সৈতে ৰাষ্ট্রপতি পার্মেলিন তিনিদিনীয়া ভ্রমণসূচীৰে আজি ভাৰতলৈ আহিব। প্রধানমন্ত্রী মোদী আৰু ৰাষ্ট্ৰপতি পার্মেলিনে বাণিজ্য আৰু বিনিয়োগ, বিজ্ঞান, প্রযুক্তি আৰু উদ্ভাৱন, সংস্কৃতি, জনসাধাৰণৰ মাজৰ সম্পৰ্ককে ধৰি বিভিন্ন বিষয়ত দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিব। তেওঁলোকে লগতে আঞ্চলিক আৰু গোলকীয় বিষয়তো মত বিনিময় কৰিব। ৰাষ্ট্ৰপতি পামেলিনে আজি সন্ধিয়া ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুক সাক্ষাৎ কৰিব। উল্লেখযোগ্য যে ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতিগৰাকীয়ে চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত নতুন দিল্লীত অনুষ্ঠিত কৃত্রিম বুদ্ধিমত্তা প্রভাব সম্মিলনত অংশগ্ৰহণৰ বাবে ভাৰতলৈ আহিছিল। ভাৰত আৰু ছুইজাৰলেণ্ডত মাজত দীর্ঘদিনীয়া মিত্ৰতাৰ সম্পৰ্ক আছে। দেশখনৰ ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্রমণে দ্বিপাক্ষিক সম্পর্ক শক্তিশালী কৰাৰ লগতে পাৰস্পৰিক স্বার্থ সম্বলিত নতুন নতুন খণ্ডত সহযোগিতা সুদৃঢ় কৰিব বুলি আশা কৰা হৈছে।
Assamese | October 5, 2026 11:01 AM | India-Switzerland
নতুন দিল্লীত আজি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতিৰ দ্বিপাক্ষিক আলোচনা