নতুন দিল্লীত আজিৰে পৰা ১০ অক্টোবৰলৈ ভাৰত মোবাইল কংগ্ৰেছৰ আয়োজন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰযুক্তি সৰ্বাংগীন আৰু বহনক্ষম উন্নয়নৰ আহিলা হোৱা উচিত বুলি প্ৰকাশ কৰিছে। ভাৰত মোবাইল কংগ্ৰেছৰ পূৰ্বে কালি সেৱা তীৰ্থত মোবাইল যোগাযোগ সংস্থাৰ গোলকীয় ব্যৱস্থা অৰ্থাৎ জি এছ এম এ-ৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এইদৰে কৰে। নতুন দিল্লীত আজিৰে পৰা ১০ অক্টোবৰলৈ ভাৰত মোবাইল কংগ্ৰেছৰ আয়োজন কৰা হৈছে। শ্ৰীমোদীয়ে সমাজৰ কোনো লোক যাতে বাদ পৰি নাযায় তাৰ বাবে প্ৰযুক্তিৰ গণতান্ত্ৰিকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে প্ৰযুক্তি আৰু ডিজিটেল সেৱাসমূহ বিশেষকৈ গ্লোবেল ছাউথৰ বাবে সহজ আৰু সুলভ হোৱাটো প্রয়োজন। তেওঁ লগতে ডিজিটেল বিভাজন দূৰ কৰাৰ বাবে প্ৰতিজন লোকে যাতে প্ৰযুক্তিৰ সুবিধা লাভ কৰিব পাৰে এই বিষয়টো গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ সম্ভাৱনাক বিশেষকৈ উন্নয়নশীল দেশসমূহৰ বাবে পৰিৱৰ্তনশীল শক্তি বুলি উল্লেখ কৰে। ইপিনে ডিজিটেল আৰু চাইবাৰ জালিয়াতিৰ বৰ্ধিত প্ৰত্যাহ্বানৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, যে ইয়াৰ বাবে প্রযুক্তিচালিত সমাধানৰ প্ৰয়োজন। তেওঁ প্ৰযুক্তিৰ ব্যৱহাৰকাৰীসকলৰ বাবে সম্ভাৱ্য ভুৱা ফোনকলৰ বিষয়ে সজাগতামূলক বাৰ্তা প্ৰেৰণৰ পৰামৰ্শ আগবঢ়ায়। ডিপফেক আৰু এ আই আধাৰিত কণ্টেণ্টসমূহৰ বৰ্ধিত ভাবুকি সন্দৰ্ভত শ্রীমোদীয়ে ব্যৱহাৰকাৰীসকলক ইয়াৰ উৎস তৎক্ষণাত চিনাক্ত কৰিব পৰাকৈ ব্যৱস্থা গঢ়ি তোলাৰ বাবে পৰামৰ্শ দিয়ে। বৈঠকত কেন্দ্রীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, ৰাজ্য মন্ত্রী ড০ পেম্মাছানি চন্দ্ৰশেখৰকে ধৰি জি এছ এম এৰ সদস্য তথা চৰকাৰৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।