October 7, 2026 12:28 PM
6
নতুন দিল্লীত আজিৰে পৰা ১০ অক্টোবৰলৈ ভাৰত মোবাইল কংগ্ৰেছৰ আয়োজন
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰযুক্তি সৰ্বাংগীন আৰু বহনক্ষম উন্নয়নৰ আহিলা হোৱা উচিত বুলি প্ৰকাশ কৰিছে। ভাৰত মোবাইল কংগ্ৰেছৰ পূৰ্বে কালি সেৱা তীৰ্থত মোবাইল যোগাযোগ সংস্থাৰ গোলকীয় ব্যৱস্থা অৰ্থাৎ জি এছ এম এ-ৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এইদৰে কৰে। নতুন দিল্লীত আজিৰে পৰা ১০ অক্টোবৰলৈ ভাৰত মোবাইল কংগ্ৰেছৰ আয়োজন কৰা হৈছে। শ্ৰীমোদীয়ে সমাজৰ কোনো লোক যাতে বাদ পৰি নাযায় তাৰ বাবে প্ৰযুক্তিৰ গণতান্ত্ৰিকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে প্ৰযুক্তি আৰু ডিজিটেল সেৱাসমূহ বিশ...