নতুন দিল্লীত আজিৰে পৰা অষ্টাদশ ব্ৰীকচ সন্মিলন অনুষ্ঠিত

নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অষ্টাদশ ব্ৰীকছ সন্মিলন অনুষ্ঠিত হৈছে। সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে ইতিমধ্যে ভালেসংখ্যক বিদেশী নেতা আৰু জ্যেষ্ঠ বিষয়া নতুন দিল্লীত উপস্থিত হৈছে।

ব্রাজিল, চীন, ইথিওপিয়া, ইজিপ্ত, ইণ্ডোনেছিয়া, ভাৰত, ৰাছিয়া, ইৰাণ, চৌদি আৰৱ, দক্ষিণ আফ্রিকা আৰু সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰ ইউ এ ইকে ধৰি ১১খন গুৰুত্বপূৰ্ণ বিকাশশীল অৰ্থব্যৱস্থাৰ দেশে ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিব। এই সন্মিলনত ব্ৰিছৰ সদস্যৰাষ্ট্ৰসমূহৰ নেতাসকলে সু-শাসন, বাণিজ্য আৰু বিনিয়োগ, প্রযুক্তি, খাদ্য আৰু শক্তি সুৰক্ষা, স্বাস্থ্য সেৱা, দুৰ্যোগ আৰু স্থিতিস্থাপকতা আৰু যোগান শৃংখলকে ধৰি মূল বিষয়সমূহ সন্দৰ্ভত আলোচনা কৰিব। ২০২৬ বৰ্ষৰ ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত এই সন্মিলনৰ বিষয়বস্তু হৈছে – স্থিতিস্থাপকতা, উদ্ভাৱন, সহযোগিতা আৰু বহনক্ষম ক্ষমতাৰ বাবে নিৰ্মাণ৷

চীনৰ ৰাষ্ট্ৰপতি জি জিনপিং ব্ৰিক্‌ছ সন্মিলনত অংশ লোৱাৰ উদ্দেশ্যে আজি নতুন দিল্লীত উপস্থিত হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চীনা ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে আজি দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব। বেলাৰুছৰ বিদেশ মন্ত্ৰী মেক্সিছ ৰায়জেনক’ফো আজি নতুন দিল্লীত উপস্থিত হয়। সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে আজি ভাৰতলৈ অহা ভিয়েটনামৰ প্ৰধানমন্ত্রী লী মিন্হ হুংগক অসামৰিক বিমান পৰিবহণ বিভাগৰ ৰাজ্যমন্ত্ৰী মুৰুলীধৰ মহলে বিমান বন্দৰত আদৰণি জনায়।

বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্রধান টেড্‌ছ অধনাম ঘেব্রিয়েছো আজি পুৱা সন্মিলনত অংশ লোৱাৰ উদ্দেশ্যে নতুন দিল্লীত উপস্থিত হয়। ব্রিকছ সন্মিলন সন্দৰ্ভত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে সন্মিলনৰ বাবে উপস্থিত হোৱা বিশ্বৰ বিভিন্ন প্ৰান্তৰ কেইবাখনো দেশৰ নেতাৰ সৈতে উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ’ব আৰু বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰি জনসাধাৰণৰ কল্যাণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।