নতুন দিল্লীত অনুষ্ঠিত দ্বিবার্ষিক সেনা কামাণ্ডাৰ সন্মিলনৰ আজি দ্বিতীয়টো দিন। সেনাৰ মুৰববী জেনেৰেল ধীৰাজ শেঠৰ অধ্যক্ষতাত অনুষ্ঠিত এই সন্মিলন তিনিদিনীয়া কাৰ্যসূচীৰে কালি আৰম্ভ হৈছে। সেনাৰ জ্যেষ্ঠ নেতৃত্বক একত্ৰিত কৰি বিকশিত নিৰাপত্তা পৰিবেশ, কাৰ্যকৰী প্ৰস্তুতি, সামৰ্থ্য বিকাশ আৰু বাহিনীটোৰ আধুনিকীকৰণ সন্দৰ্ভত আলোচনা কৰাৰ উদ্দেশ্যে এই সন্মিলনৰ আয়োজন কৰা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কাইলৈ এই সন্মিলনত অংশগ্ৰহণ কৰিব। এই সন্মিলনে ভাৰতীয় সেনাৰ জ্যেষ্ঠ নেতৃত্বৰ বাবে চলি থকা পদক্ষেপসমূহ পর্যালোচনা কৰিবলৈ, ভৱিষ্যতৰ প্ৰগতিশীল আৰু প্রযুক্তিগতভাৱে সক্ষম ভাৰতীয় সেনা গঢ়াৰ দিশত উপযুক্ত নীতিগত দিশ প্ৰণয়ন কৰিবলৈ গুৰুত্বপূৰ্ণ মঞ্চ প্ৰদান কৰিব। লগতে এই সন্মিলনে যুদ্ধ আৰু ভৱিষ্যতৰ সংঘাতৰ প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিবলৈ ভাৰতীয় সেনাৰ বাবে সামগ্রিক পৰিকাঠামো প্ৰস্তুত কৰিব। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে এই সন্মিলনত সেনা জোৱানসকলক ৰাষ্ট্ৰসংঘৰ অধীনত আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তাৰ ক্ষেত্ৰত তেওঁলোকৰ দৃষ্টান্তমূলক সেৱা, পেচাদাৰিত্ব আৰু অৱদানক স্বীকৃতি দি সম্বৰ্দ্ধনা জনাব।
Assamese | October 22, 2026 1:01 PM | Army
নতুন দিল্লীত অনুষ্ঠিত দ্বিবার্ষিক সেনা কামাণ্ডাৰ সন্মিলনৰ আজি দ্বিতীয়টো দিন