নগাঁও জিলাৰ নৱনিযুক্ত জিলা আয়ুক্ত হিচাপে আজি ভাৰতীয় প্রশাসনিক সেৱা বিষয়া আৰণ্যক শইকীয়াই আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰে। তেওঁ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া তথা ভাৰপ্ৰাপ্ত জিলা আযুক্ত মনোজ কুমাৰ শিকাৰিয়াৰ পৰা দায়িত্বভাৰ গ্ৰহণ কৰে।
২০২০ বৰ্ষৰ অসম-মেঘালয় কেডাৰৰ বিষয়া আৰণ্যক শইকীয়াই ইয়াৰ পূৰ্বে কাৰ্বি আংলঙৰ জিলা আয়ুক্ত হিচাপে সফলভাবে দায়িত্ব পালন কৰিছিল। জিলা আয়ুক্ত শ্রীশইকীয়াই গোঁসাইগাঁও জিলাৰ মহকুমাধিপতি হিচাপেও সেৱা আগবঢ়াইছিল।
ইপিনে, কলিয়াবৰ সমজিলাৰ নৱনিযুক্ত আয়ুক্ত হিচাপে তেজাছ অগ্নিহোট্ৰীয়ে কাৰ্যভাৰ গ্ৰহণ কৰিছে।