ধেমাজি জিলাৰ কাৰেং চাপৰিত অহা ৭ ডিচেম্বৰৰ পৰা ১১ জানুৱাৰীলৈ দশম মিচিং যুৱ মহোৎসৱ অনুষ্ঠিত হ’ব। এই মহোৎসৱত ২২ টা শাখাত হ’বলগীয়া বিভিন্ন সাংস্কৃতিক প্রতিযোগিতাত ছহেজাৰতকৈও অধিক শিল্পীয়ে অংশগ্ৰহণ কৰিব। এই উপলক্ষে কালি মহোৎসৱৰ লাইখুঁটা স্থাপন কৰা হয়। চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে হ’বলগীয়া এই মহোৎসৱৰ জৰিয়তে মিচিং জনগোষ্ঠীক আৰ্থ সামাজিক, শৈক্ষিক আৰু সাংস্কৃতিক দিশত আগুৱাই নি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চিনাকি কৰাই দিয়াই মূল লক্ষ্য বুলি উদ্যোক্তাসকলে প্ৰকাশ কৰে।
Assamese | December 4, 2025 8:52 PM | Akashvani | Akashvani Guwahati | Akashvani News | Mising Festival
ধেমাজি জিলাৰ কাৰেং চাপৰিত ৭ ডিচেম্বৰৰ পৰা ১১ জানুৱাৰীলৈ দশম মিচিং যুৱ মহোৎসৱ