দেশৰ জনসাধাৰণক হৰ ঘৰ তিৰংগা কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিকশিত ভাৰত নিৰ্মাণত অৱদান আগবঢ়াবলৈ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ আহ্বান

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনসাধাৰণক হৰ ঘৰ তিৰংগা কাৰ্যসূচীত উদ্যমেৰে অংশগ্ৰহণ কৰি বিকশিত ভাৰত নির্মাণত অৱদান আগবঢ়োৱাৰ সামুহিক সিদ্ধান্তক অধিক দৃঢ় কৰিবলৈ আহ্বান জনাইছে।

সামাজিক মাধ্যমৰ এটা পোষ্টত শ্রীমোদীয়ে কয় যে তিৰংগা পতাকাখন হৈছে দেশৰ গৌৰৱ আৰু দেশৰ বাবে সর্বোত্তম সেৱা আগবঢ়োৱাৰ বাবে নিৰৱছিন্ন প্ৰেৰণাৰ উৎস।

প্রধানমন্ত্রীয়ে বছৰটোৰ প্ৰচেষ্টাসমূহ বন্দে মাতৰৰ্মৰ ১৫০ বছৰীয়া বার্ষিকী উপলক্ষে উৎসৰ্গা কৰাত সন্তুষ্টি প্রকাশ কৰিছে।

উল্লেখযোগ্য যে, দেশজুৰি হৰ ঘৰ তিৰংগা অভিযান আজি আৰম্ভ হৈছে। ১৭ আগষ্টত এই অভিযানৰ সামৰণি পৰিব। এই অভিযানৰ জৰিয়তে ৰাষ্ট্ৰীয় পতাকা উত্তোলন তথা দেশপ্রেম, ৰাষ্ট্ৰীয় একতা আৰু ভাৰতৰ সাংস্কৃতিক ঐতিহ্যৰ উদযাপনত অংশ লোৱাৰ বাবে দেশৰ নাগৰিকসকলক উৎসাহিত কৰাৰ লক্ষ্য লোৱা হৈছে।

২০২২ চনত স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপনৰ অংশ হিচাপে আৰম্ভ কৰা এই অভিযান সম্প্রতি দেশৰ সৰ্ববৃহৎ ৰাজহুৱা অংশগ্রহণমূলক অভিযানলৈ পৰিণত হৈছে। এই অভিযানে সকলো নাগৰিকক ত্ৰিৰংগ পতাকাক ভাৰতৰ একতা, সন্মান আৰু সামূহিক ৰাষ্ট্ৰীয় পৰিচয়ৰ চিহ্ন হিচাপে উদযাপনৰ বাবে অনুপ্রাণিত কৰি আহিছে।

এই বছৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ ডেৰশ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে হৰ ঘৰ তিৰংগা অভিযানে বিশেষ গুৰুত্ব বহন কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।