September 3, 2026 12:37 PM | VP Visit in Assam

printer

দুদিনীয়া ভ্রমণসূচীৰে গুৱাহাটীলৈ আহিব উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ অহা দেওবাৰে দুদিনীয়া ভ্রমণসূচীৰে গুৱাহাটীলৈ আহিব। এই ভ্রমণ কালত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কেইবাটাও কাৰ্যসূচীত অংশগ্রহণ কৰিব। তেওঁ দেওবাৰে পুৱা চাৰে ১০ বজাত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ এটা অনুষ্ঠানত উপস্থিত থাকিব। সেইদিনাই বিয়লি ৩ বাজি ১৫ মিনিটত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তর্জাতিক কলা মন্দিৰত এটা অনুষ্ঠানত ভাগ ল’ব। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে নিশা গুৱাহাটীত কটাব। তেওঁ সোমবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত হ’বলগীয়া এটা অনুষ্ঠানত অংশ ল’ব।