প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ঐহিহাসিক নিউজিলেণ্ড ভ্রমণ সামৰি স্বদেশলৈ ৰাওনা হৈছে। ৪টা দশকৰ বিৰতিৰ মূৰত প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ নিউজিলেণ্ড ভ্রমণে দ্বিপাক্ষিক সম্পর্ক গুৰুত্বপূৰ্ণ অগ্রগতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে।
ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্রী মোদীয়ে নিউজিলেণ্ডৰ প্রধানমন্ত্ৰী ক্রিষ্ট’ফাৰ লাক্সনৰ সৈতে আলোচনাত মিলিত হয়। দুয়োগৰাকী নেতাই পর্যটন, প্ৰতিৰক্ষা, ক্রীড়া, দুৰ্যোগ ব্যৱস্থা, দুগ্ধ আৰু পশুপালন খণ্ডসহ অন্যান্য খণ্ড সামৰি ৫ খন বুজাবুজিৰ চুক্তিত উপনীত হয়।
স্বদেশলৈ ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে অকলেণ্ডৰ স্পার্ক এৰেনাত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে আয়োজন কৰা এটা অনুষ্ঠানত অংশগ্ৰহণ কৰে৷