দিল্লীৰ বৰ্ধিত পৰিবেশ প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি পুৰণি ট্ৰাক আৰু বাছসমূহৰ চলাচল সম্পূৰ্ণৰূপে বাতিল কৰাৰ সিদ্ধান্ত

দেশৰ ৰাজধানী নতুন দিল্লীৰ বৰ্ধিত পৰিবেশ প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰালয়ে পুৰণি ট্ৰাক আৰু বাছসমূহৰ চলাচল সম্পূৰ্ণৰূপে বাতিল কৰাৰ সিদ্ধান্ত লৈছে। নতুন দিল্লীৰ বুৰাৰিত এই উপলক্ষে পৰিৱৰ্তন আঁচনিৰ অধীনত এখন পৰিবহন মেলাৰ আয়োজন কৰা হয়।

দিল্লী চৰকাৰৰ পৰিবহন বিভাগৰ উদ্যোগত আয়োজিত মেলাখনত পুৰণি বাছ আৰু ট্ৰাকৰ স্বত্বাধিকাৰীসকলক বহনক্ষম বাহনৰ ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰা হয়। অনুষ্ঠানত ভাষণ দি পথ পৰিবহন আৰু কেন্দ্ৰীয় ঘাইপথ মন্ত্ৰালয় বিভাগৰ অতিৰিক্ত সচিব মহমোদ আহমেদে কয় যে, এই পৰিবহন মেলাৰ জৰিয়তে বি এছ ফ’ৰ বা তাতোকৈ পুৰণি প্ৰযুক্তিৰ বাছ আৰু ট্রাকসমূহ স্ক্ৰেপিঙৰ জৰিয়তে সম্পূৰ্ণৰূপে ধ্বংস কৰাৰ লগতে নতুন প্রযুক্তিৰ বাহন ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত উৎসাহ প্ৰদান কৰা হয়।

সমগ্র দিল্লীত এনে বাহন ২ লাখ ২৫ হাজাৰখন আছে বুলি উল্লেখ কৰি তেওঁ কয় যে, চৰকাৰে নতুন বাহন ক্ৰয়ৰ ক্ষেত্ৰত ৫ শতাংশ সুদ ৰেহাই দিয়াৰ সিদ্ধান্ত লৈছে। তদুপৰি মাহে মাহে ইন্ধন ক্ৰয়ৰ ক্ষেত্ৰত বিশেষ সুবিধা দিব বুলিও পৰিবহন বিষয়াগৰাকীয়ে উল্লেখ কৰে৷

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।