কেন্দ্রীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্রী ড° জিতেন্দ্র সিঙে কালি নতুন দিল্লীত ভাৰতীয় প্রযুক্তি ব্যৱস্থাপনা প্রতিষ্ঠানত অত্যাধুনিক বায়ুমণ্ডলীয় ৰসায়ন আৰু বায়ুমণ্ডলৰ বিষাক্ত কণাৰ উপস্থিতি বিশ্লেষণ গৱেষণাগাৰ- অটল মুকলি কৰে।
উল্লেখযোগ্য যে, দিল্লীৰ এন চি আৰৰ বাবে মুকলি কৰা বায়ু প্ৰদূষণ বিশ্লেষণ ব্যৱস্থা, বিশ্বৰ ভিতৰতে প্ৰথমটো এনে গৱেষণাগাৰ।
ড° সিঙে চৰকাৰৰ বিভিন্ন সংস্থাৰ মাজত সমন্বয়ৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে। ইয়াৰ জৰিয়তে বৈজ্ঞানিক প্রতিষ্ঠান, পৰিৱেশ পৰ্যবেক্ষক, প্রদূষণ নিয়ন্ত্রণ সংস্থা আৰু দুর্যোগ ব্যবস্থাপনা সৈতে জৰিয়তে অংশীদাৰসকলকো একত্ৰিত কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে লগতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ মিছন মৌছমৰ প্রশংসা কৰে।
এই অভিযানৰ অধীনত স্থাপন কৰা পৰীক্ষাগাৰটিৰ বায়ুমণ্ডলীয় প্ৰদূষণৰ বৈজ্ঞানিক অধ্যয়ন শক্তিশালী কৰাৰ লগতে দিল্লী এন চি আৰত বায়ুমণ্ডলৰ গুণগত মান উন্নত কৰাৰ বাবে তথ্যভিত্তিক সিদ্ধান্ত গ্রহণত সহায় কৰিব।