দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই আজি অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান দিল্লীত আয়োজিত সুস্থ নাৰী, শক্তিশালী পৰিয়াল অভিযানৰ অধীনত আয়োজিত স্বাস্থ্য পৰীক্ষা শিবিৰ নিৰীক্ষণ কৰে। তেওঁ কয়, যে ১৭ ছেপ্তেম্বৰৰ পৰা ২ অক্টোবৰলৈকে দিল্লীৰ লগতে সমগ্ৰ দেশতে স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হৈছে য’ত বিনামূলীয়াকৈ মহিলাসকলৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে। সেৱা পষেকৰ অধীনত গ্ৰহণ কৰা এই পদক্ষেপ মহিলাসকলৰ স্বাস্থ্য আৰু সৱলীকৰণৰ বাবে অতি গুৰুত্বপূৰ্ণ । তেওঁ মহিলাসকলক শিবিৰলৈ আহি স্বাস্থ্য পৰীক্ষা কৰোৱাৰ আহ্বান জনায়৷
Assamese | September 22, 2025 9:15 PM | Akashvani | Akashvani News | Delhi | Rekha Gupta
দিল্লীত সুস্থ নাৰী, শক্তিশালী পৰিয়াল অভিযানৰ অধীনত আয়োজিত স্বাস্থ্য পৰীক্ষা শিবিৰ নিৰীক্ষণ দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ