ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰপ্ৰদেশৰ তিৰুপতিত ভক্তৰ হেঁচা ঠেলাত কেইবাগৰাকী লোকৰ মৃত্যু হোৱাৰ ঘটনাক লৈ গভীৰ শোকপ্রকাশ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে এটা শোকবার্তাত নিহত লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহত সকলৰ আশুআৰোগ্য কামনা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যম যোগে এই ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ নিকট আত্মীয়সকললৈ সমবেদনা প্রকাশ কৰি কয়, যে ৰাজ্য চৰকাৰে এই ঘটনাত আঘাতপ্রাপ্ত লোকসকলক সম্ভা সকলো ধৰণৰ সহায় আগবঢ়াইছে। উল্লেখযোগ্য যে অন্ধ্ৰপ্ৰদেশৰ তিৰুপতিত বৈকুণ্ঠ একাদশী দৰ্শনৰ টোকেন কাউণ্টাৰত কালি হোৱা হেঁচা-ঠেলাৰ ঘটনাত কমেও ৬ জন লোকে প্ৰাণ হেৰুৱায় আৰু অন্য ৪০ জন আহত হয়। তিৰুপতিৰ বৈকুণ্ঠ একাদশী দৰ্শন অতি পৱিত্ৰ বুলি গণ্য কৰা হয়। তিৰুমালা তিৰুপতি দেৱস্থানমে কাইলৈৰ পৰা ১২ জানুৱাৰীলৈ হ’বলগীয়া বৈকুণ্ঠ একাদশী দৰ্শনৰ টোকেন জাৰি কৰাৰ বাবে তিৰুপতিৰ তিনিটা পৃথক পৃথক স্থানত ৯৪টা কাউণ্টাৰ স্থাপন কৰিছে। ৰামানাইডু বিদ্যালয়ৰ সমীপত স্থাপন কৰা কাউণ্টাৰত টোকেন লাভৰ বাবে হোৱা হেঁচা-ঠেলাৰ ঘটনাত এই লোককেইজন হতাহত হয়।
Assamese | January 9, 2025 4:08 PM | Droupadi Murmu | narendra modi | PM Modi | Tirupati temple
তিৰুপতিত ভক্তৰ হেঁচা ঠেলাত কেইবাগৰাকী লোকৰ মৃত্যুৰ ঘটনাক লৈ ৰাষ্ট্ৰপতি মুৰ্মু আৰু প্ৰধানমন্ত্ৰী মোদীৰ গভীৰ শোকপ্রকাশ