October 6, 2026 11:54 AM | President in Himachal

printer

তিনিদিনীয়া ভ্রমণসূচীৰে ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মু হিমাচল প্ৰদেশলৈ ৰাওনা

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে তিনিদিনীয়া ভ্রমণসূচীৰে আজি হিমাচল প্ৰদেশলৈ ৰাওনা হ’ব। এই ভ্রমণকালত শ্রীমতী মুৰ্মুৱে ভাৰতীয় আয়ুর্বেদিক প্রতিষ্ঠান- এইমছ বিলাসপুৰৰ সমাবর্তন অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰিব আৰু প্ৰশিক্ষিত চিকিৎসকসকলক ডিগ্রী প্রদান কৰিব।

ৰাষ্ট্ৰপতিৰ এই ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত বিলাসপুৰ জিলা প্রশাসনে নিৰাপত্তা ব্যবস্থা কটকটীয়া কৰিছে। এইমছ চৌহদত আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে কটকটীয়া নিৰাপত্তা গঢ়ি তোলাৰ লগতে ৰাষ্ট্ৰপতিয়ে ভ্রমণ কৰিবলগীয়া প্ৰতিটো পথৰ নিৰাপত্তা সুদৃঢ় কৰি তুলিছে।

সমাৱর্তন অনুষ্ঠানৰ পাছতে শ্রীমতী মুর্মু মানালী ভ্রমণ কৰিব আৰু তাত নিশাটো কটাব। ৰাষ্ট্ৰপতিৰ নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি তেওঁ হিড়িম্বা মন্দিৰ দৰ্শন কৰাৰ লগতে কাইলৈ ৰতাঙত থকা অটল টানেলো পৰিদৰ্শন কৰিব। ৰাষ্ট্ৰপতিৰ এই ভ্ৰমণৰ বাবে কুল্লু জিলা প্রশাসনে নিৰাপত্তা আৰু যানবাহন পৰিচালনাৰ ক্ষেত্ৰত ব্যাপক প্রস্তুতি গ্রহণ কৰিছে। হোটেল অঞ্চল আৰু প্ৰধান পথসমূহত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ৰাষ্ট্ৰপতিগৰাকীয়ে এই ভ্রমণ সামৰি অহা ৮ অক্টোবৰত দিল্লীলৈ উভতি আহিব।