October 6, 2026 11:54 AM
2
তিনিদিনীয়া ভ্রমণসূচীৰে ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মু হিমাচল প্ৰদেশলৈ ৰাওনা
ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে তিনিদিনীয়া ভ্রমণসূচীৰে আজি হিমাচল প্ৰদেশলৈ ৰাওনা হ'ব। এই ভ্রমণকালত শ্রীমতী মুৰ্মুৱে ভাৰতীয় আয়ুর্বেদিক প্রতিষ্ঠান- এইমছ বিলাসপুৰৰ সমাবর্তন অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰিব আৰু প্ৰশিক্ষিত চিকিৎসকসকলক ডিগ্রী প্রদান কৰিব। ৰাষ্ট্ৰপতিৰ এই ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত বিলাসপুৰ জিলা প্রশাসনে নিৰাপত্তা ব্যবস্থা কটকটীয়া কৰিছে। এইমছ চৌহদত আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে কটকটীয়া নিৰাপত্তা গঢ়ি তোলাৰ লগতে ৰাষ্ট্ৰপতিয়ে ভ্রমণ কৰিবলগীয়া প্ৰতিটো পথৰ নিৰাপত্তা সুদৃঢ় কৰি তুলিছে...