October 7, 2024 11:19 AM | Cricket | SPORTS | T20

printer

তিনিখনীয়া টি-টুৱেন্টি ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত বাংলাদেশক ৭ উইকেটত পৰাস্ত ভাৰতৰ

■ গোৱালিয়ৰত কালি নিশা অনুষ্ঠিত তিনিখনীয়া টি-টুৱেন্টি ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত ভাৰতে বাংলাদেশক ৭ উইকেটত পৰাস্ত কৰে। ১২৮ ৰানৰ লক্ষ্য অনুসৰণ কৰি ভাৰতে ১১ অভাৰ ৫টা বলত খেলখনত জয় লাভ কৰে। ভাৰতৰ হৈ সঞ্জু ছেমছন আৰু সূৰ্য কুমাৰ য়াদৱে ২৯ ৰানকৈ সংগ্ৰহ কৰাৰ বিপৰীতে হার্দিক পাণ্ডিয়াই ১৬টা বলত ৩৯ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে। বাংলাদেশৰ হৈ মুস্তাফিজুৰ ৰহমান আৰু মেহিদী হাছান মিৰাজে এটাকৈ উইকেট সংগ্ৰহ কৰে। ইয়াৰ পূৰ্বে বেট ধৰি বাংলাদেশে আটাইকেইটা উইকেট হেৰুৱাই ১২৭ ৰান সংগ্ৰহ কৰে। মেহিদী হাছান মিৰাজে বাংলাদেশৰ হৈ সৰ্বাধিক ৩৫ ৰান সংগ্ৰহ কৰে। ভাৰতৰ অৰ্শদীপ সিং আৰু ৱন চক্ৰৱৰ্তীয়ে তিনিটাকৈ উইকেট সংগ্রহ কৰে। অৰ্শদীপ সিঙক প্লেয়াৰ অব দ্যা মেছ ঘোষণা কৰা হয়। শৃংখলাটোৰ দ্বিতীয়খন খেল অহা বুধবাৰে নতুন দিল্লীৰ অৰুণ জেটলী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত সন্ধিয়া ৭ বজাৰ পৰা খেলোৱা হ’ব।