তামুলপুৰৰ চেঁচাপানীত দৈমালু বসুমতাৰী নামৰ এগৰাকী উদ্যমী কৃষকৰ ড্ৰেগন ফলৰ খেতি পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

কৃষি আৰু জলসিঞ্চন আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি তামুলপুৰ জিলাৰ চেঁচাপানীত দৈমালু বসুমতাৰী নামৰ এগৰাকী উদ্যমী কৃষকৰ ড্ৰেগন ফলৰ খেতি পৰিদৰ্শন কৰে।

মন্ত্ৰীগৰাকীয়ে ৫ বিঘা ভূমিত ড্রেগন ফলৰ খেতিৰে বছৰি প্ৰায় ৬ লাখ টকা উপাৰ্জন কৰাৰ সমান্তৰালকৈ ৬ বিঘা মাটিত তামোলৰ বাগান আৰু তিল খেতিৰে স্বাৱলম্বী হৈ উঠা দৈমালু বসুমতাৰীৰ প্ৰয়াসৰ প্ৰশংসা কৰে।

সামাজিক মাধ্যমৰ জৰিয়তে শ্ৰীহাজৰিকাই যুৱ প্ৰজন্মক এই কৃষকগৰাকীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ ব্যতিক্ৰমী কৃষিকৰ্মৰে আগবাঢ়ি যাবলৈ আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে অনাগত দিনত কৃষিকাৰ্যৰ জৰিয়তে বছৰি ২৫ৰ পৰা ৩০ লাখ টকা উপাৰ্জনৰ লক্ষ্যত চৰকাৰে সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়াব বুলি আশ্বাস দিয়ে।

মন্ত্ৰী শ্ৰীহাজৰিকাই এই ভ্ৰমণৰ সময়তে বি টি চিৰ সদ্যপ্রয়াত উপাধ্যক্ষ বিজিত গৌৰা নাৰ্জাৰীৰ বাসগৃহত উপস্থিত হৈ নেতাগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অর্পণ কৰে। তেওঁ লগতে শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে।