ডিমাচাক চৰকাৰী ভাষা হিচাপে ব্যৱহাৰৰ বাবে আনুষ্ঠানিক ঘোষণা অসম চৰকাৰৰ

অসম চৰকাৰে ডিমাচা জনগোষ্ঠীৰ ভাষিক আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ লক্ষ্যৰে ডিমাহাচাও জিলাত ইংৰাজীৰ সমান্তৰালভাৱে ডিমাচাক চৰকাৰী ভাষা হিচাপে ব্যৱহাৰৰ বাবে আনুষ্ঠানিক ঘোষণা কৰিছে।

গৃহ আৰু ৰাজনৈতিক বিভাগে এই সন্দৰ্ভত জাননী জাৰি কৰিছে। জাননীত উল্লেখ কৰা মতে জিলাখনত চৰকাৰী কাম-কাজত ইংৰাজীৰ লগতে ডিমাচা ভাষাও ব্যৱহাৰ কৰা হ’ব।

ৰাজ্য চৰকাৰ অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰীৰ দ্বাৰা স্বাক্ষৰিত এই জাননী মৰ্মে ডিমাচা জনগোষ্ঠীৰ সুকীয়া পৰিচয়ক স্বীকৃতি দিয়াৰ ক্ষেত্ৰত চৰকাৰে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰে। জিলাখনৰ জনসাধাৰণে চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে।