জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্ট ট্রেক আদালতত প্রবাসী অসমীয়া সুস্মিতা গোস্বামীৰ সাক্ষ্য প্রদান প্ৰক্ৰিয়াৰ আজি সামৰণি পৰে। অভিযুক্ত সিদ্ধার্থ শৰ্মা আৰু সন্দীপন গাৰ্গৰ অধিবক্তাই সুস্মিতা গোস্বামীক জুবিন গাৰ্গৰ মৃত্যুৰ সংক্ৰান্তত জেৰা কৰে। উল্লেখযোগ্য যে যোৱা দুটা দিনত অভিযুক্ত শ্যামকানু মহন্ত, শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্রভা মহন্তৰ অধিবক্তাই তেওঁক জেৰা কৰিছিল। সাক্ষ্য প্ৰদানৰ অন্ত পৰাৰ পাছতে শ্রীমতী গোস্বামীয়ে সংবাদ মাধ্যমৰ আগত শিল্পীগৰাকীৰ ন্যায়ৰ বাবে সকলো তথ্য প্রমাণ আদালতত প্রদান কৰা হৈছে বুলি উল্লেখ কৰে।
Assamese | September 10, 2026 7:39 PM | ZG Hearing
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত প্রবাসী অসমীয়া সুস্মিতা গোস্বামীৰ সাক্ষ্য দান