● জনতাৰ শিল্পী জুবিন গাৰ্গক ন্যায়ালয়ৰ জৰিয়তে ন্যায় প্ৰদান কৰাৰ বাবে আজিৰে পৰা বিজেপিয়ে ৰাজ্যজুৰি ন্যায় যাত্ৰা আৰম্ভ কৰিব। আজি নলবাৰীৰ ছহিদ মুকুন্দ কাকতি খেলপথাৰৰ পৰা গৰ্ডন খেলপথাৰলৈ শাসকীয় দলটোৱে এই যাত্ৰা আৰম্ভ কৰিব। এই যাত্ৰাত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, কেন্দ্ৰীয় মন্ত্রী পবিত্র মাৰ্ঘেৰিটা, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু জয়ন্ত মল্লবৰুৱা অংশগ্ৰহণ কৰিব। ৩০ অক্টোবৰলৈকৈ প্ৰতিখন জিলাৰ সদৰতে এই ন্যায় যাত্ৰা উলিওৱা হ’ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগীসকলক বিজেপিৰ এই ন্যায় যাত্ৰাত অংশগ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই প্ৰকাশ কৰা মতে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত যাতে ক্ষিপ্ৰ হয় আৰু দোষীয়ে যাতে উচিত শাস্তি লাভ কৰে তাৰ বাবে দলটোৱে এই ন্যায় যাত্ৰা কৰিব।
Assamese | October 22, 2025 12:04 PM | Beloved Zubeen Garg | BelovedZubeen | BJP
জুবিন গাৰ্গক ন্যায়ালয়ৰ জৰিয়তে ন্যায় প্ৰদানৰ বাবে বিজেপিৰ ৰাজ্যজুৰি ন্যায় যাত্ৰা আৰম্ভ