জলসম্পদ, নদী উন্নয়ন আৰু গংগা পুনৰ উজ্জীৱিতকৰণকে ধৰি ভিন্ন বিষয় লৈ কেন্দ্ৰীয় মন্ত্ৰী চি আৰ পাৰ্টিলৰ পর্যালোচনা বৈঠক

জলসম্পদ, নদী উন্নয়ন আৰু গংগা পুনৰ উজ্জীৱিতকৰণ তথা ইয়াৰ সৈতে জড়িত ভিন ভিন বিষয় আৰু সংস্থাক সামৰি ৰূপায়ণ কৰা প্ৰকল্প, আঁচনি আদিকে ধৰি ব্যৱস্থাসমূহৰ অগ্ৰগতিৰ বিষয়ে বুজ লোৱাৰ উদ্দেশ্যে নতুন দিল্লীত আজি এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় জলশক্তি দপ্তৰৰ মন্ত্ৰী চি আৰ পাৰ্টিলৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত জলসম্পদ, নদী উন্নয়ন আৰু গংগা পুনৰ উজ্জীৱিতকৰণ বিভাগৰ মুৰব্বীসকলে অংশ গ্ৰহণ কৰিছে।

বৈঠকত ভাগ লৈ মন্ত্ৰীগৰাকীয়ে প্ৰকল্পসমূহৰ ৰূপায়ণৰ ক্ষেত্ৰত দেখা দিয়া অন্তৰায়বোৰ যথাসম্ভৱ শীঘ্ৰে চিনাক্ত কৰি আঁতৰ কৰিবলৈ বিষয়াসকলক নির্দেশ দিয়ে। প্রকল্পসমূহ নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰি এই পৰ্যালোচনা বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ কাৰ্যকৰী কৰাৰ লগতে নিৰ্দিষ্ট সময়ৰ ভিতৰত ইয়াৰ আকাংক্ষিত সুফল লাভ কৰাৰ বিষয়টো চোৱাচিতা কৰিবলৈকো তেওঁ লগতে আহ্বান জনায়।

বান ব্যৱস্থাপনা আৰু সীমান্ত অঞ্চলৰ সৈতে জড়িত আঁচনিসমূহক সামৰি ৰূপায়ণ কৰা প্ৰকল্পবোৰৰ বিষয়েও এই বৈঠকত পর্যালোচনা কৰা হয়। বৈঠকখনত হোৱা আলোচনাত ফাৰাক্কা বান্ধ প্ৰকল্পৰ বিষয়টোৱেও স্থান লাভ কৰে। মন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট বিষয়াসকলৰ সৈতে এই বান্ধৰ প্ৰৱেশদ্বাৰ সলনি কৰা, খহনীয়া প্ৰতিৰোধী ব্যৱস্থা আদিৰ লগতে এইবোৰৰ ৰূপায়ণৰ ক্ষেত্ৰত সন্মুখীন হোৱা প্ৰত্যাহ্বানৰলেখীয়া বিষয়সমূহো আলোচনা কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।