October 27, 2026 9:08 PM
6
জলসম্পদ, নদী উন্নয়ন আৰু গংগা পুনৰ উজ্জীৱিতকৰণকে ধৰি ভিন্ন বিষয় লৈ কেন্দ্ৰীয় মন্ত্ৰী চি আৰ পাৰ্টিলৰ পর্যালোচনা বৈঠক
জলসম্পদ, নদী উন্নয়ন আৰু গংগা পুনৰ উজ্জীৱিতকৰণ তথা ইয়াৰ সৈতে জড়িত ভিন ভিন বিষয় আৰু সংস্থাক সামৰি ৰূপায়ণ কৰা প্ৰকল্প, আঁচনি আদিকে ধৰি ব্যৱস্থাসমূহৰ অগ্ৰগতিৰ বিষয়ে বুজ লোৱাৰ উদ্দেশ্যে নতুন দিল্লীত আজি এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় জলশক্তি দপ্তৰৰ মন্ত্ৰী চি আৰ পাৰ্টিলৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত জলসম্পদ, নদী উন্নয়ন আৰু গংগা পুনৰ উজ্জীৱিতকৰণ বিভাগৰ মুৰব্বীসকলে অংশ গ্ৰহণ কৰিছে। বৈঠকত ভাগ লৈ মন্ত্ৰীগৰাকীয়ে প্ৰকল্পসমূহৰ ৰূপায়ণৰ ক্ষেত্ৰত দেখা দিয়া অন্তৰায়বোৰ যথাসম্ভৱ শীঘ্ৰে চ...