জম্মু-কাশ্মীৰৰ ৰিয়েছি জিলাৰ গংগোটত আজি সংঘটিত এটা পথ দুৰ্ঘটনাত তিনি জন লোকৰ থিতাতে মৃত্যু হোৱাৰ উপৰি আন ১০ জন লোক আহত হয়। মাহুৰ টেহছিলৰ পিছল বাটেৰে যাত্ৰী কঢ়িয়াই নিয়া গাড়ীখন দ’ খাৱৈত বাগৰি পৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। আহত লোকসকলক অঞ্চলটোৰ স্বেচ্ছাসেৱক আৰু আৰক্ষীৰ সহযোগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে গুৰুতৰভাৱে আহত আন ৪ জন লোকক জম্মু চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়৷
Assamese | March 11, 2025 6:05 PM | Accident | Akashvani News | Jammu and Kashmir
জম্মু-কাশ্মীৰৰ ৰিয়েছি জিলাৰ গংগোটত সংঘটিত পথ দুৰ্ঘটনাত ৩ জন লোকৰ থিতাতে মৃত্যু