ওড়িশাৰ পুৰীত অহা ১৬ জুলাইত হ’বলগীয়া বিশ্ববিখ্যাত ভগৱান জগন্নাথৰ ৰথ যাত্ৰাৰ বাবে চূড়ান্ত পৰ্যায়ৰ প্ৰস্তুতি চলি আছে। বর্তমান ভগৱান জগন্নাথ, ভগৱান বলভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ ‘স্নান পূৰ্ণিমাৰ পাছত পষেকজোৰা ‘আনাছাৰা’ত আছুতীয়াকৈ আছে, য’ত শ্রীমন্দিৰৰ ভিতৰত ৰাজ বৈদ্যসকলে পৰম্পৰাগত বনৌষধি চিকিৎসা প্রদান কৰি আছে।
বাৰ্ষিক ৰথ উৎসৱৰ প্ৰাকক্ষণত পুনৰউজ্জীৱিত দেৱতাসকলৰ প্ৰথম ৰাজহুৱা উপস্থিতি ‘নবজৌবানা দৰ্শন’ৰ বাবে এতিয়া ভক্তসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে।
ইপিনে, ওড়িশা চৰকাৰে নিৰাপত্তা, ভক্ত সকলৰ ভিৰ ব্যৱস্থাপনা, যান-বাহন নিয়ন্ত্রণ, অনাময়, স্বাস্থ্যসেৱা আৰু জৰুৰীকালীন সঁহাৰিৰ বাবে বিস্তৃত ব্যৱস্থা বৃদ্ধি কৰিছে। দেশ-বিদেশৰ লাখ লাখ ভক্তক আদৰণি জনোৱাৰ বাবে তীর্থযাত্ৰী নগৰখনে সাজু হোৱাৰ সময়তে ভগৱান জগন্নাথ, ভগৱান বলাভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ তিনিখন মহিমাময় ৰথ নিৰ্মাণ আৰু সজ্জাই সম্প্ৰতি চূড়ান্ত পৰ্যায়ত প্ৰৱেশ কৰিছে।