ৰাজ্য চৰকাৰে ছেটেলাইট নগৰ উন্নয়ন প্ৰাধিকৰণ বিধেয়ক-২০২৬ আজি বিধানসভাত উত্থাপন কৰে। বিধেয়কখনৰ উদ্দেশ্যৰ বিষয়ে সদৰী কৰি নগৰ পৰিক্ৰমা মন্ত্রী কৌশিক ৰায়ে কয়, যে অনুসূচিত নগৰ অথবা ছেটেলাইট নগৰৰ বিকাশ সুনিশ্চিত কৰাৰ বাবে এই প্ৰাধিকৰণ গঠন কৰা হৈছে। তেওঁ কয়, যে ৰাজ্য চৰকাৰে প্ৰাধিকৰণৰ আওঁতাৰ বিষয় সন্দর্ভত সময়ে সময়ে অধিসূচনা জাৰি কৰিব। তেওঁ কয়, যে নগৰাঞ্চলৰ বিকাশ, পৰিকল্পনা আৰু ৰূপায়ণৰ সৈতে বিভিন্ন চৰকাৰী সংস্থা জড়িত থকাৰ ফলত সিদ্ধান্ত গ্রহণত ঘটা বিলম্ব দূৰ কৰাৰ বাবে বিধেয়কখনত এটা সুকীয়া কেন্দ্রীভূত প্রতিষ্ঠান গঠনৰ প্ৰস্তাৱ দিয়া হৈছে। মন্ত্ৰীগৰাকীয়ে কয়, যে অসমত দ্রুত নগৰীকৰণ আৰু জনসংখ্যা বৃদ্ধিৰ ফলত বৰ্তমানৰ নগৰীয়া কেন্দ্ৰসমূহত বিশেষকৈ, গুৱাহাটী পৌৰ নিগমৰ চৌপাশৰ এলেকাসমূহত হেঁচা পৰিছে। এই এলেকাসমূহত স্বাস্থ্য সেৱা আৰু অন্য সেৱাৰ চাহিদা বৃদ্ধি পোৱাৰ ফলত বৰ্তমানৰ নাগৰিক আন্তঃগাঁথনি, প্রাকৃতি সম্পদ আৰু নিয়ন্ত্ৰণৰ বিষয়ক লৈ চাপৰ সৃষ্টি হৈছে বুলি শ্ৰীৰায়ে প্রকাশ কৰে। তেওঁ কয়, যে এনে চাপ দূৰ কৰাৰ বাবে নতুন বিনিয়োগ আকর্ষণ আৰু কৰ্ম-সংস্থাপনৰ সুযোগ সৃষ্টি কৰিব পৰা অৰ্থনৈতিক বিকাশৰ নতুন সুযোগৰ অন্বেষন কৰাটো জৰুৰী হৈ পৰিছে।
Assamese | July 9, 2026 8:03 PM | Kaushik Rai
ছেটেলাইট নগৰ উন্নয়ন প্ৰাধিকৰণ বিধেয়ক-২০২৬ বিধানসভাত উত্থাপন