ছত্তিশগড়ৰ বিজাপুৰ জিলাৰ বাছাগুড়াত কালি নিৰাপত্তা বাহিনীৰ সৈতে হোৱা গুলীয়াগুলীত ১২ জন মাওবাদী নিহত হয়। এই গুলীয়াগুলীত নিৰাপত্তা বাহিনীৰো তিনিজন জোৱান আহত হয়। বিজাপুৰ জিলাৰ শীৰ্ষ আৰক্ষী বিষয়াই জনোৱা অনুসৰি দক্ষিণ বিজাপুৰৰ ঘন অৰণ্যত পুৱা প্ৰায় ৯ বজাত তিনিখন জিলাৰ জিলা সংৰক্ষিত বাহিনী, কোৱা বেটেলিয়নৰ ৫টা গোট আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ যুটীয়া দলে মাওবাদীবিৰোধী অভিযান চলায়। অভিযানৰ অন্তত নিৰাপত্তা বাহিনীয়ে সেই স্থানৰ পৰা ভালেমান অস্ত্ৰ-শস্ত্ৰ জব্দ কৰে। আৰক্ষীয়ে মৃত মাওবাদীকেইজনক ইতিমধ্যে চিনাক্ত কৰিছে।
Assamese | January 17, 2025 8:09 PM | Maoist Killed
ছত্তিশগড়ত নিৰাপত্তা বাহিনীৰ সৈতে হোৱা গুলীয়াগুলীত ১২ জন মাওবাদী নিহত