চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা শিশু সুৰক্ষা গোটৰ সহযোগত আজি জিলা আয়ুক্ত কার্যালয়ত এটা শিশু অনুকুল কক্ষ মুকলি কৰা হয়। এই কক্ষটোত শিশু ওমলা ঘৰ আৰু মাতৃ দুগ্ধপানৰ সুবিধাও থাকিব। জিলা আয়ুক্ত ডাঃ নেহা যাদৱে এই কক্ষৰ দ্বাৰ মুকলি কৰে। জিলা আয়ুক্ত কাৰ্যালয়লৈ অহা মাতৃ আৰু শিশুসকলৰ সুবিধা হোৱাকৈ এই ব্যৱস্থা কৰা হৈছে। এই কক্ষই মহিলাৰ প্ৰাপ্য মর্যাদা প্ৰদান কৰিব বুলি আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে।
Assamese | June 19, 2025 7:11 PM | Akashvani | Akashvani News | Charaideo | Local news
চৰাইদেউ জিলা আয়ুক্ত কার্যালয়ত এটা শিশু অনুকুল কক্ষ মুকলি