চৰাইদেউ জিলাৰ দিচাংপানীত আজিৰে পৰা ষষ্ঠ বার্ষিক সোণাৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱ অনুষ্ঠিত হৈছে। প্ৰকৃতি সংৰক্ষণ আৰু সজাগতাৰ বাৰ্তা লৈ ৩ দিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত এই মহোৎসৱত গ্রন্থমেলা, থলুৱা বস্ত্রমেলা, জনগোষ্ঠীয় খাদ্য মেলাৰো আয়োজন কৰা হৈছে। প্ৰকৃতিপ্ৰেমী যুৱক অনুপ পাটকাইৰ নেতৃত্বত শিল্পী, সাংবাদিক তথা সচেতন নাগৰিকৰ প্ৰচেষ্টাত চৰাইদেউ জিলাত ২০১৯ চনৰে পৰা সোণাৰ, কাঞ্চন, কৃষ্ণচূড়াৰ গছপুলি ৰোপণ আৰু প্ৰতিপালন কৰি থকা হৈছে। জিলাখনৰ বিভিন্ন ঠাইত প্ৰকৃতিৰ প্ৰতি সজাগতা সৃষ্টি আৰু পৰ্য্যটকক আকৰ্ষণ কৰিবলৈ প্ৰতিবছৰে এই সময়ছোৱাত সোণাৰু, কাঞ্চন, কৃষ্ণচূড়া মহোৎসৱ অনুষ্ঠিত কৰি অহা হৈছে।
Assamese | January 2, 2026 8:53 PM | charaideu sonaru
চৰাইদেউ জিলাৰ দিচাংপানীত ষষ্ঠ বার্ষিক সোণাৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱ