চৰকাৰে সৌৰ শক্তি প্ৰকল্পৰ বাবে অনুমোদিত আৰ্হি আৰু নিৰ্মাতাৰ দ্বিতীয়খন তালিকা ৰূপায়ণৰ নীতিত কোনো ধৰণৰ সাল-সলনি নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুন আৰু নবীকৰণ যোগ্য শক্তি মন্ত্র্যালয়ে প্রকাশ কৰা মতে, এই নীতিৰ সময়সীমাৰ ক্ষেত্ৰত কোনো ৰেহাই দিয়া নহ’ব।
অৱশ্যে মেট মিটাৰিং অর্থাৎ উপভোক্তাৰ দ্বাৰা উৎপাদিত নবীকৰণযোগ্য বিদ্যুতৰ অতিৰিক্ত অংশ বৈদ্যুতিক গ্রীডলৈ প্ৰেৰণৰ সুবিধা থকা আৰু অপেন এছেছ আৰ ই পাৱাৰ অৰ্থাৎ বৃহৎ পৰিমাণে বিদ্যুৎ ব্যৱহাৰ কৰা উপভোক্তাসকলে স্বতন্ত্র বিদ্যুৎ উৎপাদকৰ পৰা পোনপটীয়াকৈ বিদ্যুৎ ক্ৰয়ৰ সুবিধা থকা সৌৰশক্তি প্রকল্পসমূহক চলিত বৰ্ষৰ ৩১ ডিচেম্বৰলৈ সীমিত সকাহ প্রদান কৰা হৈছে।
ইয়াৰ ফলত এনে উপভোক্তাসকলক সৌৰ শক্তি প্ৰকল্পৰ বাবে অনুমোদিত আৰ্হি আৰু নিৰ্মাতাৰ তালিকাত অন্তর্ভুক্ত সৌৰ কোষ নির্মাতাসকলৰ পৰা ক্ৰয় বৃদ্ধিৰ বাবে পর্যাপ্ত সময় লাভ কৰিব। সৌৰ সা-সঁজুলিৰ নিৰ্মাণৰ ক্ষেত্ৰত ভাৰতক আত্মনিৰ্ভৰ কৰি তোলা আৰু গোলকীয় সৌৰ উদ্যোগত অগ্রণী দেশ হিচাপে প্ৰতিষ্ঠা কৰাৰ প্ৰতি চৰকাৰ বদ্ধপৰিকৰ বুলিও মন্ত্ৰ্যালয়ে প্রকাশ কৰিছে।