চৰকাৰে উন্নয়নৰ সৈতে বহনক্ষমতাৰ সমতা স্থাপনৰ নীতিৰ জৰিয়তে পৰিৱেশ সংৰক্ষণ সুনিশ্চিত কৰি জীৱন ধাৰণ সূচল কৰি তুলিছে

চৰকাৰে উন্নয়নৰ সৈতে বহনক্ষমতাৰ সমতা স্থাপনৰ নীতিৰ জৰিয়তে পৰিৱেশ সংৰক্ষণ সুনিশ্চিত কৰি জীৱন ধাৰণ সূচল কৰি তুলিছে বুলি কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে প্ৰকাশ কৰিছে।

মন্ত্ৰীগৰাকীয়ে আজি বৈদ্যুতিক সচলতা বিষয়ক ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ দি কয়, যে চৰকাৰৰ এই নীতিয়ে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰিৱেশ আৰু অৰ্থনীতিৰ সম বিকাশৰ দৃষ্টিভংগীকেই প্রতিফলিত কৰে।

তেওঁ কয়, যে দ্রুত ঔদ্যোগিক বিকাশ সত্ত্বেও দেশত বনাঞ্চলৰ পৰিধি ২০১৪ চনৰ ৭ লাখ ১,৬৭৩ বৰ্গ কিলোমিটাৰৰ পৰা ৭ লাখ ১৫ হাজাৰ বৰ্গ কিলোমিটাৰলৈ বৃদ্ধি পাইছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।