কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ- চি বি এছ ইয়ে দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে। চি বি এছ ইয়ে প্ৰকাশ কৰা তথ্য অনুসৰি দশম শ্ৰেণীৰ পৰীক্ষাৰ উত্তীৰ্ণৰ হাৰ ৯৩ দশমিক ৬-০ শতাংশ। ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৯৪ দশমিক ৭-৫ শতাংশ হোৱাৰ বিপৰীতে ছাত্ৰৰ উত্তীৰ্ণ হাৰ ৯২ দশমিক ৭–১ শতাংশ। চি বি এছ ইৰ দশম শ্ৰেণীৰ ফলাফলত উত্তীৰ্ণ হাৰ বিগত বৰ্ষতকৈ শূন্য দশমিক ৪-৮ শতাংশ বৃদ্ধি পাইছে। আনহাতে দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ উত্তীৰ্ণৰ হাৰ ৮৭ দশমিক ৯-৮ শতাংশ। এই হাৰ যোৱা বছৰতকৈ দশমিক ৬-৫ শতাংশ বৃদ্ধি পোৱা বুলি ব’ৰ্ডে এটা বিবৃতি যোগে জনাইছে। ২৪ হাজাৰতকৈ অধিক পৰীক্ষাৰ্থীয়ে ৯৫ শতাংশতকৈ অধিক নম্বৰ লাভ কৰিছে আৰু এক লাখ ১৬ হাজাৰতকৈ অধিক পৰীক্ষাৰ্থীয়ে ৯০ শতাংশতকৈ অধিক নম্বৰ লাভ কৰিছে। পৰীক্ষাত সফলতা অৰ্জন কৰা শিক্ষার্থীসকলক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমযোগে অভিনন্দন জ্ঞাপন কৰিছে। উল্লেখযোগ্য যে, এই বৰ্ষত প্ৰায় ৩৯ লাখ ছাত্ৰ-ছাত্ৰীয়ে দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল।
Assamese | May 13, 2024 6:59 PM | CBSC
চি বি এছ ইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা