September 8, 2026 8:02 PM | Ajanta Neog at Chirrang

printer

চিৰাঙৰ জিলা আযুক্ত কার্যালয়ত মন্ত্রী অজন্তা নেওগৰ পর্যালোচনা বৈঠক

মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্রী অজন্তা নেওগে আজি চিৰাঙৰ জিলা আযুক্ত কার্যালয়ত এখন পর্যালোচনা বৈঠকত অংশ লয়। জিলাখনত নির্মীয়মান অবস্থাত থকা শতাধিক অংগনবাড়ী কেন্দ্ৰৰ নিৰ্মাণকাৰ্য শীঘ্ৰে সম্পূর্ণ কৰিবলৈ তেওঁ বৈঠকত সংশ্লিষ্ট বিভাগক নির্দেশ দিয়ে। জিলাখনত শিক্ষাৰ হাৰ কম হৈ থকাৰ বাবে অংগনৱাড়ী কেন্দ্ৰসমূহ শীঘ্ৰে মুকলি কৰি দিয়াৰ ক্ষেত্ৰতো তেওঁ গুৰুত্ব আৰোপ কৰে। মন্ত্ৰীগৰাকীয়ে বৈঠকত মহিলা আৰু শিশুৰ সুৰক্ষা নিশ্চিত কৰা, নাৰীজনিত অপৰাধ ৰোধৰ লগতে, বাল্যবিবাহৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ জিলা প্রশাসনক আহ্বান জনায়।