চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ অবৈধ উপায়েৰে সহায়ৰ নামত ধন লোৱাৰ অভিযোগত বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় মেঘালয়ৰ স্বত্বাধিকাৰী মহবুবুল হকক গ্ৰেপ্তাৰ কৰা হৈছে। অভিযোগ অনুসৰি মহবুবুল হকৰ প্ৰতিষ্ঠানটোৱে শ্ৰীভূমিৰ পাথাৰকান্দি কেন্দ্ৰীয় বিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান পৰীক্ষাত অৱতীৰ্ণ হোৱা ২১৪জন প্ৰাৰ্থীক উত্তীৰ্ণ কৰিবলৈ ধন লোৱাৰ লগতে অসাধু উপায়েৰে সহায়ৰ প্ৰতিশ্ৰুতি দিছিল। পৰীক্ষাকেন্দ্ৰত এই বিষয়ক কেন্দ্ৰ কৰি হুলস্থুল সৃষ্টি হোৱাত বিষয়টো পোহৰলৈ আহে আৰু শ্ৰীভূমি আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হয়। মহবুবুল হকক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে। হকৰ গ্ৰেপ্তাৰ আৰু পৰৱৰ্তী তদন্তৰ বিষয়ে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকক সম্বোধন কৰি কয়, যে শিক্ষা ব্যৱস্থাত এনে অপকৰ্ম ৰোধ কৰিবলৈ চৰকাৰ সদায় দায়বদ্ধ। মেডিকেল আৰু ইঞ্জিনীয়াৰিঙৰ প্ৰৱেশ পৰীক্ষাৰ ক্ষেত্ৰতো এই চক্ৰটোৱে অসাধু উপায় অৱলম্বন কৰি আহিছিল বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে।
Assamese | February 22, 2025 7:09 PM | ustam arrest
চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অবৈধ উপায়েৰে সহায়ৰ নামত ধন লোৱাৰ অভিযোগত USTMৰ স্বত্বাধিকাৰী মহবুবুল হকক গ্ৰেপ্তাৰ