পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত যোৰহাটৰ সেনা চাউনীৰ পৰা গ্ৰেপ্তাৰ কৰা ধুবুৰীৰ বিলাসীপাৰা খাচবাৰীৰ চামছুল ইছলামক কালি আৰক্ষীয়ে আদালতত হাজিৰ কৰোৱাই ৫ দিনৰ বাবে নিজৰ জিম্মাত লৈছে। আৰক্ষীয়ে লোকজনে ব্যৱহাৰ কৰা ম’বাইল ফোনটো জব্দ কৰিছে। সেনা চাউনীত এগৰাকী ঠিকাদাৰৰ অধীনত কাম কৰা লোকজনে পাকিস্তানৰ এটা সংস্থাৰ বিষয়ববীয়াৰ সৈতে নিজৰ ফোনযোগে সঘনে যোগাযোগ কৰাৰ তথ্য আৰক্ষীয়ে প্ৰাথমিক তদন্তত লাভ কৰিছে। অধিক তথ্যৰ বাবে লোকজনক যোৰহাট সদৰ থানাত জেৰা কৰি থকা হৈছে। সমগ্ৰ ঘটনাটো এন আই এৰ এটা দলে তদন্ত কৰাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে ধুবুৰী আৰু গুৱাহাটীত অপৰাধত অভিযুক্ত চামছুল ইছলামে ইয়াৰ পূৰ্বে যোৰহাটৰ বায়ু সেনা বাহিনীতো ঠিকাদাৰৰ অধীনত কাম কৰিছিল ।
Assamese | June 3, 2025 1:45 PM | Jorhat police
চামছুল ইছলামক আদালতত হাজিৰ কৰোৱাই ৫ দিনৰ বাবে নিজৰ জিম্মাত যোৰহাট আৰক্ষীৰ