August 4, 2025 7:55 PM

views 54

যোৰহাট আৰক্ষীৰ তিতাবৰ মহকুমা শাখাই চুৰি গোচৰত ৫জন ব্যক্তিক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ

যোৰহাট আৰক্ষীৰ তিতাবৰ মহকুমা শাখাই আজি এটা চুৰি গোচৰত পাঁচজন ব্যক্তিক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। তিনি দিন আগতে তিতাবৰৰ মিহিৰাম শ‍ইকীয়া বিদ্যালয়ত সংঘটিত এটা চুৰিৰ গোচৰৰ পৰিপ্ৰেক্ষিতত ব্যক্তিকেইজনক গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰ লগতে আৰক্ষীয়ে অভিযুক্তকেইজনৰ পৰা চুৰি হোৱা সামগ্ৰীসমূহ উদ্ধাৰ কৰে৷

June 3, 2025 1:45 PM

views 51

চামছুল ইছলামক আদালতত হাজিৰ কৰোৱাই ৫ দিনৰ বাবে নিজৰ জিম্মাত যোৰহাট আৰক্ষীৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত যোৰহাটৰ সেনা চাউনীৰ পৰা গ্ৰেপ্তাৰ কৰা ধুবুৰীৰ বিলাসীপাৰা খাচবাৰীৰ চামছুল ইছলামক কালি আৰক্ষীয়ে আদালতত হাজিৰ কৰোৱাই ৫ দিনৰ বাবে নিজৰ জিম্মাত লৈছে। আৰক্ষীয়ে লোকজনে ব্যৱহাৰ কৰা ম'বাইল ফোনটো জব্দ কৰিছে। সেনা চাউনীত এগৰাকী ঠিকাদাৰৰ অধীনত কাম কৰা লোকজনে পাকিস্তানৰ এটা সংস্থাৰ বিষয়ববীয়াৰ সৈতে নিজৰ ফোনযোগে সঘনে যোগাযোগ কৰাৰ তথ্য আৰক্ষীয়ে প্ৰাথমিক তদন্তত লাভ কৰিছে। অধিক তথ্যৰ বাবে লোকজনক যোৰহাট সদৰ থানাত জেৰা কৰি থকা হৈছে। সমগ্ৰ ঘটনাটো এন আই এৰ এটা দলে তদন্ত ক...