চলিত বছৰৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ বহিঃমূল্যায়নৰ প্ৰথমটো দিনৰ কাৰ্যসূচী কালি সফলতাৰে সম্পন্ন হয়। কালি ১৩ খন জিলাৰ ৫ হাজাৰ ৩৭১ খন বিদ্যালয়ৰ ৫ লাখ ১২ হাজাৰৰো অধিক শিক্ষার্থীৰ মূল্যায়ন কৰা হয়। এই পৰ্যায়ত চৰাইদেউ, ধেমাজি, গোলাঘাট, হাইলাকান্দি, হোজাই, যোৰহাট, তিনিচুকীয়া, শোণিতপুৰ, পশ্চিম কাৰ্বি আংলং, কামৰূপ মহানগৰ, ধুবুৰী, চিৰাং আৰু বাক্সা জিলাৰ মূল্যায়ন কৰা হৈছে । কালি চৰাইদেউ জিলাত গুণোৎসৱৰ কাৰ্যসূচীত মন্ত্ৰী যোগেন মহনে অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ পি এম শ্ৰী মাহমৰা উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীসকলৰ মূল্যায়ন কৰে। একেদৰে মন্ত্ৰী অজন্তা নেওগে কালি গোলাঘাটৰ ১ নম্বৰ টাউন আদর্শ বুনিয়াদী বিদ্যালয়ৰ গুণোৎসৱৰ প্ৰাতঃসভাত অংশগ্রহণ কৰে।
Assamese | January 21, 2025 12:05 PM | Assam Gunotsav
চলিত বছৰৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ বহিঃমূল্যায়নৰ প্ৰথমটো দিনৰ কাৰ্যসূচী সফলতাৰে সম্পন্ন