■ গোৱালপাৰা জিলাৰ জলেশ্বৰত ব্ৰহ্মপুত্ৰৰ খহনীয়াই জটিল ৰূপ ধাৰণ কৰিছে। জলেশ্বৰৰ ফেৰীঘাট এলেকাত খহনীয়াৰ ফলত জলেশ্বৰ বজাৰৰ লগতে জলেশ্বৰ আৰক্ষী চকী, আদৰ্শ চিকিৎসালয় আৰু অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে। জিলা আয়ুক্ত প্রদীপ টিমুঙে কালি যন্ত্রচালিত নাৱেৰে খহনীয়াৰ পৰিদৰ্শন কৰে। তেওঁ জলসম্পদ বিভাগৰ কৰ্মচাৰী বিষয়াসকলক আজিৰেপৰা স্পৰ্শকাতৰ এলেকাসমূহত জিঅ’ বেগৰ জৰিয়তে খহনীয়া ৰোধৰ কাম কৰিবলৈ নিৰ্দেশ দিয়ে।
Assamese | September 11, 2025 12:43 PM | Akashvani | Brahamputra | Goalpara | Local news
গোৱালপাৰা জিলাৰ জলেশ্বৰত ব্ৰহ্মপুত্ৰৰ খহনীয়াই জটিল ৰূপ ধাৰণ