গুৱাহাটী মহানগৰীৰ ভূতনাথ অঞ্চলৰ কালীপুৰত আজি পথৰ ওপৰত এডাল গছ বাগৰি পৰাৰ ফলত এগৰাকী ছাত্ৰীৰ মৃত্যু হয়। নিহত ছাত্ৰীগৰাকী চৰাইদেউ জিলাৰ সোণাৰীৰ পৰিস্মিতা হাজৰিকা বুলি চিনাক্ত কৰা হৈছে।
পৰীক্ষাৰ বাবে ছাত্ৰীগৰাকীয়ে পাণ্ডু মহাবিদ্যালয়লৈ দুচকীয়া বাহনেৰে গৈ থকা অৱস্থাতে এই কৰুণ দুর্ঘটনাটো সংঘটিত হয়। সেই ঘটনাত দুচকীয়া বাহনখনৰ চালক তথা ছাত্ৰ জ্যোতিময় মহন গুৰুতৰভাৱে আহত হয়।
ঘটনাৰ পিছতে ৰে’ল বিভাগ আৰু গুৱাহাটী পৌৰ নিগমৰ কৰ্মীয়ে স্থানীয় লোকৰ সহযোগত দুয়োকে সমীপৰ এখন চিকিৎসালয়লৈ নিয়ে যদিও ছাত্ৰীগৰাকীৰ মৃত্যু হয়।