গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান সমস্যাৰ স্থায়ী আৰু বিজ্ঞানসন্মত সমাধানৰ অর্থে জি আই এছ ভিত্তিক পানী নিষ্কাষণ ব্যৱস্থাপনা পৰিকল্পনা আৰু বাহিনী-ভৰলু অববাহিকাৰ বিষদ প্ৰকল্প প্রতিবেদন সন্দৰ্ভত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে এখন পর্যালোচনা বৈঠকত মিলিত হয়।
বৈঠকত গুৱাহাটী বৰষুণৰ পানী নিষ্কাষণ ব্যৱস্থা ফলপ্রসূভাৱে কাৰ্যক্ষম কৰি তোলা আৰু মহানগৰীৰ বিভিন্ন অঞ্চলত সৃষ্টি হোৱা কৃত্রিম বানৰ সমস্যা সমাধানৰ লক্ষ্যৰে প্ৰস্তাৱিত পৰিকল্পনা তথা প্ৰকল্প প্রতিবেদন সন্দৰ্ভত আলোচনা কৰা হয়। এই প্ৰস্তাৱিত ব্যৱস্থাসমূহ যাতে বাস্তৱসন্মত আৰু বহনক্ষম হয় সেই বিষয়টো গুৰুত্ব আৰোপ কৰা হয়।
শ্ৰীৰায়ে ভৱিষ্যতে যাতে এই ক্ষেত্ৰত কোনো ত্ৰুটি ৰৈ নাযায় তাৰ বাবে প্ৰস্তাৱিত সংশোধনৰ চূড়ান্ত অনুমোদনৰ পূৰ্বে ইয়াক গভীৰভাৱে পৰ্যালোচনা কৰিবলৈ সংশ্লিষ্ট পক্ষক পৰামৰ্শ দিয়ে। তেওঁ গুৱাহাটী মহানগৰীৰ বান ব্যৱস্থাপনাৰ বাবে সমন্বিত আৰু দীৰ্ঘম্যাদী দৃষ্টিভংগীৰ প্ৰয়োজনীয়তা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে।