September 7, 2026 7:28 PM

printer

গুৱাহাটী বিশ্ববিদ্যালয়ে শিক্ষা, সাহিত্য, বিজ্ঞান তথা বৌদ্ধিক ক্ষেত্ৰলৈ মানৱ সম্পদৰ বৰঙণি আগবঢ়াই আহিছে : উপ-ৰাষ্ট্ৰপতি

দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ অহা উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অভিৱর্তন কেন্দ্রত শিক্ষার্থী, অধ্যাপক-অধ্যাপিকা, কর্মচাৰী আৰু বিশিষ্ট নাগৰিকৰ সৈতে মত বিনিময় কৰে। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে যুৱ প্ৰজন্মক মাদক দ্ৰব্যৰ বিৰুদ্ধে শক্তিশালী স্থিতি গ্রহণ কৰিবলৈ আহ্বান জনায়। এই অনুষ্ঠানতে তেওঁ সকলোকে মাদক দ্রব্যমুক্ত সমাজ গঢ়াৰ বাবে সংকল্প পাঠ কৰোৱায়। তেওঁ কয় যে শিক্ষানুষ্ঠান এখনৰ মূল্য কেৱল ৰেংকিং লাভতেই সীমাবদ্ধ নহয়, ৰূপান্তৰৰ সাধনাও ইয়াৰ অন্যতম উদ্দেশ্য। গুৱাহাটী বিশ্ববিদ্যালয়ে শিক্ষা, সাহিত্য, বিজ্ঞান তথা বৌদ্ধিক ক্ষেত্ৰলৈ মানৱ সম্পদৰ বৰঙণি আগবঢ়াই আহিছে বুলিও উপ ৰাষ্ট্ৰপতিগৰাকীয়ে মত প্রকাশ কৰে। বিশ্ববিদ্যালয়খনে তামিল ভাষাৰ গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰা কাৰ্যক প্রশংসা কৰি কয় যে তেওঁ তামিলনাডু বিশ্ববিদ্যালয়ক অসমীয়া ভাষাৰ গ্ৰন্থ তামিল ভাষালৈ অনুবাদৰ বাবে আহ্বান জনাব। তেওঁ বিশ্ববিদ্যালয়খনক উচ্চ শিক্ষাদান প্রক্রিয়া উদ্ভাৱনীমূলক কৰি তুলিবলৈ আহ্বান জনায়।

শিক্ষাক্ষেত্ৰৰ উপৰি অসমৰ দ্রুত সামগ্রিক উন্নয়নৰ বাবে তেওঁ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক ধন্যবাদ জ্ঞাপন কৰে। ৰাজ্য চৰকাৰে মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি, আন্তঃগাঁথনি বিকাশ আৰু নিয়োগ সৃষ্টিত অভূতপূর্ব ভূমিকা পালন কৰিছে বুলিও তেওঁ উল্লেখ কৰে। ইয়াৰ পূৰ্বে উপ-ৰাষ্ট্ৰপতিগৰাকী অনুষ্ঠানত উপস্থিত পোৱাৰ পাছতে এন চি চি আৰু এন এছ এছৰ সদস্যসকলে অভিবাদন জনায়। তাৰ পাছতে ৰাষ্ট্রীয় গীত বন্দে মাতৰম, ৰাষ্ট্ৰীয় সংগীত, অসম সংগীত আৰু বিশ্ববিদ্যালয়ৰ সংগীত জিলিকাব লুইতৰে পাৰ পৰিবেশন কৰা হয়। এই অনুষ্ঠানত ৰাজ্যপাল তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচার্য, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, শিক্ষামন্ত্রী ডাঃ ৰণোজ পেণ্ড, মুখ্য সচিব ড০ ববি কোটা আৰু পঞ্জীয়ক উৎপল শর্মা উপস্থিত থাকে।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানতো উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ভাগ লয়। ১১০ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ হ’বলগীয়া এই প্ৰকল্পৰ ভিতৰত শৈক্ষিক ভৱন, ছাত্রাবাস, আধুনিক মেছ ভৱন, কৃষ্ণকান্ত সন্দিকৈ পুথিভঁৰাল, বিৰিঞ্চি কুমাৰ বৰুৱা প্রেক্ষাগৃহৰ আধুনিকীকৰণ, চতুৰ্থবৰ্গৰ কৰ্মচাৰীসকলৰ বাবে আৱাস নির্মাণ আদি অন্যতম। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক ড০ ননীগোপাল মহন্তই উদ্বোধনী ভাষণত বিশ্ববিদ্যালয়খনে সুদীর্ঘ কাল ধৰি অসমৰ শৈক্ষিক আৰু সামাজিক জীৱনলৈ আগবঢ়াই অহা অৱদানৰ বিষযে উল্লেখ কৰে। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্রীয় শিক্ষা নীতি ৰূপায়ণ কৰা দেশৰ প্ৰথমখন বিশ্ববিদ্যালয় বুলি প্রকাশ কৰে। অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই মুগাৰ অংগবস্ত্র, শৰাই আৰু নামসিংহৰে উপ-ৰাষ্ট্ৰপতিক আদৰণি জনায়। ইয়াৰ পাছতে ৰাধাকৃষ্ণণে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা প্ৰকাশিত দুখন গ্রন্থ চন্দ্ৰকান্ত অভিধানৰ পঞ্চম সংস্কৰণ আৰু Bhupen Hazarika -Hundred Years of Wandering Song আনুষ্ঠানিকভাৱে উন্মোচন কৰে। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্যৰ সৈতে গুৱাহাটী বিশ্ববিদ্যালয় সংপৃক্ত হৈ আছে বুলি উল্লেখ কৰে। তেওঁ কয় যে অঞ্চলটোৰ বিলুপ্তিৰ পথত থকা ভাষাসমূহৰ সংৰক্ষণ আৰু পুনৰুজ্জ্বীৱিতকৰণৰ বাবে গ্রহণ কৰা ব্যৱস্থা তথা বিজ্ঞান মানসিকতা আৰু সময়োপযোগী জ্ঞানৰ মাজত সংযোগ স্থাপনৰ প্রয়াসে সমাজৰ প্ৰতি থকা বিশ্ববিদ্যালয়খনৰ দায়বদ্ধতাকে প্রতিফলিত কৰে। মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বিশ্ববিদ্যালয় এখনে কেৱল মাত্র বিদ্যায়তনিক কামতেই অহিৰণা আগ নবঢ়ায়, বৰং সমাজৰ সামগ্রিক দিশতে বিশেষ বৰঙণি আগবঢ়ায়।

শ্ৰীৰাধাকৃষ্ণণে আজি পুৱাৰ ভাগত কামাখ্যা মন্দিৰ দৰ্শন কৰি মা কামাখ্যাৰ আশীষ লয়। মন্ত্রী অজন্তা নেওগে এই দর্শন কালত উপ-ৰাষ্ট্ৰপতিগৰাকীক সংগ দিয়ে।

উপ-ৰাষ্ট্ৰপতিগৰাকী অসম ভ্রমণ সামৰি আজি মেঘালয়ৰ ৰাজধানী শ্বিলঙলৈ ৰাওনা হৈছে। তাত তেওঁ ছ’ছ’থাম প্রেক্ষাগৃহৰ এটা ৰাজহুৱা অভ্যর্থনা আৰু সাংস্কৃতিক অনুষ্ঠানত অংশগ্রহণ কৰিব। উপ-ৰাষ্ট্ৰপতিগৰাকী কাইলৈ ইম্ফললৈ যাব। ইম্ফলত তেওঁ মাইৰংস্থিত আই এন এ সংগ্রহালয় তথা যুদ্ধস্মাৰক আৰু ইম্ফল সৈনিক বিদ্যালয় পৰিদৰ্শন কৰিব। ইয়াৰ পাছতে উপ-ৰাষ্ট্ৰপতিগৰাকী অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰলৈ ৰাওনা হ’ব। ভ্ৰমণৰ অন্তিম দিনা শ্ৰীৰাধাকৃষ্ণণে অৰুণাচল প্রদেশ বিধানসভাৰ বিশেষ অধিৱেশনত ভাগ ল’ব আৰু বিধানসভা বিথীকা তথা সংগ্ৰহালয় পৰিদৰ্শন কৰিব। তেওঁ লগতে ইটানগৰস্থিত জৱাহৰলাল নেহৰু ৰাজ্যিক সংগ্ৰহালয় আৰু শ্রৱণ শক্তিৰহিত তথা দৃষ্টিবহিত শিক্ষার্থীৰ বাবে থকা ডঞি প’লো মিছন বিদ্যালয়ো পৰিদৰ্শন কৰিব।