January 4, 2026 9:15 PM | Assam Book Fair 2026

printer

গুৱাহাটীৰ অসম গ্ৰন্থমেলাৰ দ্বাদশ দিনাও গ্ৰন্থপ্ৰেমীৰ ভিৰ, বৰ্তমানলৈকে ৬ কোটি ৩০ লাখ টকাৰ কিতাপ বিক্ৰী

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত চলি থকা অসম গ্রন্থ মেলাত আজি শিশু দিন উদযাপন কৰা হয়। গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত, কবি-সাহিত্যিক, পার্থসাৰথি মহন্তই এই শিশু দিন কার্যসূচী আনুষ্ঠানিকভাৱে মুকলি কৰে। শ্ৰীমহন্তই অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ এই প্ৰচেষ্টাৰ শলাগ লৈ কয় যে গ্রন্থমেলাত শিশুসকলৰ প্ৰতিভা বিকাশৰ বাবে এটা দিন উদযাপন কৰাটো অতি আনন্দৰ কথা। শিশুসকল দেশৰ ভৱিষ্যত বুলি উল্লেখ কৰি তেওঁ অভিভাৱকসকলক শিশুৰ মোবাইল আসক্তি দূৰ কৰাৰ বাবে কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিবলৈ আহ্বান জনায়। আজি শিশুৰ দিনৰ কাৰ্যসূচীৰ বিভিন্ন প্রতিযোগিতাত বঁটা লাভ কৰা সকলক অহা ৬ জানুৱাৰীত গ্রন্থমেলাৰ সামৰণি অনুষ্ঠানত বঁটা প্ৰদান কৰা হ’ব। আজি এই অনুষ্ঠানৰ পাছতেই বিয়লি ২ বজাত জন্ম শতবর্ষ উপলক্ষে সুধাকণ্ঠ ড° ভূপেন হাজৰিকালৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। বিয়লি ৫ বজাৰ পৰা সাংস্কৃতিক কার্যসূচী অনুষ্ঠিত হৈছে। শীত নেওচি গ্রন্থমেলাৰ বাকৰিত আজিও গ্রন্থপ্রেমী লোকে ভিৰ কৰিছে। উল্লেখযোগ্য যে ২৪ ডিচেম্বৰত আৰম্ভ হোৱা গ্ৰন্থমেলাত বৰ্তমানলৈকে প্রায় ৬ কোটি ৩০ লাখ টকাৰ কিতাপ বিক্ৰী হোৱা বুলি উদ্যোক্তাসকলে প্ৰকাশ কৰিছে।