গুৱাহাটীৰ অগ্ৰণী সংস্থা নাৰী সাৰস্বত মঞ্চৰ উদ্যোগত অহা ৯ আগষ্টত সপোন মাধুৰী দত্ত সোঁৱৰণী একক অভিনয় প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। সদৌ অসমভিত্তিত হ’বলগীয়া এই প্রতিযোগিতাত ১৬ৰ পৰা ২৪ বছৰ বয়সৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিব।
লতাশিলৰ বিষ্ণু নিৰ্মলা ভৱনত হ’বলগীয়া এই প্রতিযোগিতাত অংশগ্ৰহণৰ বাবে পঞ্জীয়নৰ অন্তিম দিন অহা ৫ আগষ্ট ধাৰ্য কৰা হৈছে।
নগদ ধনেৰে প্ৰথম তিনিগৰাকী শ্রেষ্ঠ প্রতিযোগীক সন্মানিত কৰাৰ লগতে এগৰাকী প্ৰতিযোগীলৈ বিচাৰকৰ বিশেষ উদগণি পুৰস্কাৰো আগবঢ়োৱা হ’ব। প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে প্ৰতিযোগীসকলে ৬০০১৮-৭৬৬৮১ আৰু ৯৯৫৭২-১৫৭৩০ নম্বৰত যোগাযোগ কৰিব পাৰিব।