বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কৌশলগত স্বতন্ত্ৰতাৰ ওপৰত আস্থা আৰু স্বতন্ত্ৰ স্থিতি অক্ষুণ্ণ ৰাখি ভাৰতৰ বহুত্ববাদৰ প্ৰতি শক্তিশালী দায়বদ্ধতাৰ কথা দৃঢ়তাৰে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি ভাৰতীয় বিশ্ব পৰিক্ৰমা পৰিষদৰ ৰূপালী জয়ন্তী উদযাপনৰ সামৰণি অনুষ্ঠানত দিয়া ভাষণত ৬০ জয়শংকৰে এইকথা উল্লেখ কৰে। প্ৰত্যাহ্বানপূৰ্ণ বিশ্বৰ প্ৰেক্ষাপটত মূৰ দাঙি উঠিবলৈ ভাৰত সংকল্পবদ্ধ বুলি তেওঁ মন্তব্য কৰে। তেওঁ লগতে বিগত দশকটোত শেহতীয়া ধাৰাসমূহে ভাৰতৰ কূটনৈতিক নীতি, কৌশল আৰু বিকশিত অর্থনীতিক প্ৰভাৱান্বিত কৰাৰ উপৰি গোলকীয় বিনিময়তো প্ৰভাৱান্বিত কৰিছে বুলি মন্তব্য কৰে। ভাৰতৰ কুটনৈতিক ব্যৱস্থাই সদায়ে শান্তি আৰু উন্নয়নক মুখ্য কাৰ্যপন্থা হিচাপে গ্ৰহণ কৰি আহিছে বুলি বৈদেশিক পৰিক্ৰমা গৰাকীয়ে প্ৰকাশ কৰে।
Assamese | September 16, 2026 12:45 PM | S.Joysanak
কৌশলগত স্বতন্ত্ৰতাৰ ওপৰত আস্থা আৰু স্বতন্ত্ৰ স্থিতি অক্ষুণ্ণ ৰাখি ভাৰতৰ বহুত্ববাদৰ প্ৰতি শক্তিশালী দায়বদ্ধতাৰ কথা দৃঢ়তাৰে প্ৰকাশ ড০ এছ জয়শংকৰৰ